James 1

যাকোবে এই পুস্তকখন সিচঁৰিত হৈ থকা “বাৰ জনগোষ্ঠীৰ” প্রতি লিখিছিল (1:1)। যাকোবৰ পুস্তকখন সকলো খ্রীষ্টিয় লোকৰ কাৰণেও প্রযোজ্য, কিন্তু তেওঁৰ শব্দ প্রয়োগৰ পৰা বুজা যায় যে, সম্ভৱতঃ যাকোবে পোনপতিয়াকৈ এই পত্ৰখন ইহুদী খ্রীষ্টিয়ান লোকসকলৰ বাবে লিখিছিল; কাৰণ এই পুস্তকখন বহু সংখ্যক পাঠকক উদেশ্য কৰি লিখা, আৰু বহু বিষয় ব্যক্ত কৰিছে। যাকোবে বিশ্বাস আৰু কৰ্মৰ সম্বন্ধৰ বিষয়েও গুৰুত্ব দি লিখিছে। প্রকৃত বিশ্বাস কৰ্মত প্রকাশ পায় (2:17)। তেওঁ ধনী ব্যক্তি সকলক পক্ষপাত কৰাৰ বিৰুদ্ধে সকিয়নী দিছে, আৰু আমি কি ক’ও, তাৰ প্রতিও সাৱধান হ’বলৈ কৈছে।

চমু বিৱৰণঃ

  • যাকোবে তেওঁৰ পাঠক সকলক সম্ভাষণ জনাইছে (1:1)।
  • ইয়াতে তেওঁ তাড়না পোৱা কালত ধৈৰ্য্যশীল বা সহনশীল হ’বলৈ খ্রীষ্টিয়ান সকলক উৎসাহিত কৰিছে (1:2-27)।
  • তাৰ পাছত জীৱন-যাপনৰ মাধ্যমেৰে বিশ্বাসত থকাতো যে কিমান প্রয়োজন, সেই বিষয়ে তেওঁ দোহাৰিছে (2:1-26)।
  • তাৰ পিছত বাক্য (ঈশ্ৱৰৰ বাক্য) যে কিমান শক্তিশালী, সেই বিষয়ে তেওঁ সোৱৰাই দিছে (3:1-12)।
  • জগতৰ জ্ঞানতকৈ ঐশ্বৰীক জ্ঞান যে কিমান পৃথক, এই বিষয়েও যাকোবে এই পত্ৰত বৰ্ণনা কৰিছে (3:13 4:10)
  • তেওঁ ইয়াত গৰ্বী বা অহংকাৰী নহ’বলৈ তেওঁৰ পাঠকসকলক সকীয়নি দিছে (4:11-5:6)।
  • শেষত কিছুমান সাধাৰণ পৰামৰ্শ দি যাকোবে তেওঁৰ পত্ৰখনৰ সামৰণি মাৰিছে। (5:7-20)

ধৈৰ্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা

1মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোকৰ ওচৰলৈ এই সম্ভাষণ। 2হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব,
1:2 মথি ৫:১১,১২; ১ পি ৪:১৩-১৬৷
3কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়,
1:3 ৰো ৫:৩-৫৷
সেই বিষয়ে আপোনালোকে জানে।

4এই কাৰণে ধৈৰ্যক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷ 5কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞান
1:5 বা প্ৰজ্ঞা
ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্বৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক
1:5 মথি ২১:২২; মার্ক ১১:২৪৷
আৰু তাতে আপোনালোকক দিয়া হ’ব।

6কিন্তু সন্দেহ নকৰি, বিশ্বাসেৰে যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়। 7এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; 8কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।

9যি ভাই আৰ্থিকভাবে দূৰ্বল হৈয়ো নম্ৰ; তেওঁ নিজ উন্নতিত গৌৰৱ কৰক; 10যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত আনন্দ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।
1:10 যিচ ৪০:৬-৮৷
11কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো নিজ উন্নতিৰ মাজতেই মলিন হৈ যাব।

12যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি
1:12 প্ৰ ২:১০৷
দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
13কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক ‘ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ’, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।

14কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়। 15তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷ 16হে মোৰ প্ৰিয় ভাই সকল, আপোনালোক ভ্ৰান্ত নহব।

17সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, আৰু আকাশৰ জ্যোতি
1:17 নক্ষত্ৰ, গ্ৰহ, অাদি৷
বোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
18ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে
1:18 যো ১:১৩; ১ পি ১:২৩৷
যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।

19হে মোৰ প্ৰিয় ভাই সকল, অাপোনালোকে এই কথা জানে যে প্ৰত্যেক ব্যক্তি শুনিবলৈ খৰ, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক। 20কিয়নো মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্মিকতা সাধন নকৰে। 21এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ প্ৰাণৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ,
1:21 ২ তী ৩:১৫৷
তাক নম্ৰভাৱে গ্ৰহণ কৰক।

22কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
1:22 মথি ৭:২১-৭২৷
23কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়; 24কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, তাক তেতিয়াই পাহৰি যায়। 25যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰি যোৱা নহয় কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।

26কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন
1:26 ১ পি ৩:৯-১১৷
নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু জগতৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।

27

Copyright information for AsmULB